বিস্তীৰ্ণ পাৰৰে


বিস্তীৰ্ণ পাৰৰে
অসংখ্য জনৰে
 হাঁহাকাৰ শুনিও
নিঃশব্দে নিৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱাঁ কিয় ?

নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নিৰ্লজ্জ অলসভাৱে বোৱাঁ কিয় ?

জ্ঞানবিহীন নিৰক্ষৰৰ
খাদ্যবিহীন নাগৰিকৰ
নেতৃবিহীনতাত নিমাত কিয় ?

সহস্ৰ বাৰিষাৰ
উন্মাদনাৰ
অভিজ্ঞতাৰে
পংগু মানৱক
সবল সংগ্ৰামী,
আৰু অগ্ৰগামী
কৰি নোতোলা কিয় ?

ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক
সমষ্টি যদি ব্যক্তিত্বৰহিত
তেনে শিথিল সমাজক নাভাঙা কিয় ?

তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ
সেই পিতৃত্ব তেনে নাম মাত্ৰ
নহʼলে প্ৰেৰণা নিদিয়া কিয় ?

উন্মত্ত ধৰাৰে
কুৰুক্ষেত্ৰৰে
শৰশয্যাতে
আলিঙ্গন কৰা
ভীষ্মৰূপী
অজস্ৰ বীৰক
জগাই নোতোলাঁ কিয় ?

No comments: