চেনেহীৰ ফটা ৰিহা


ডেকা :- চেনেহীৰ ফটা ৰিহা--
ফুলে জকেমকে
উৰি যায় বতাহৰ আগত, বোলোঁ আগত;
গাভৰু :-- নেখাই চাৰি সাঁজো থাকিব পাৰোঁ মই
বʼহাগৰ বিহুৰে লগত হেʼ ..

ডেকা :- শশী মিলন দৈ জালুক গুটি পিপলদৈ
কেৰাচিন নহʼলে চাকিটি নজ্বলে
তথাপি গাত নাই তত।
গাভৰু :-- ঔৰে গছতে মৌৱে বাহে লʼলে
মই নবগালোঁ গছত, বোলোঁ গছত

ডেকা :- গছৰ মৌ নেপাৰি মৌ বিছাৰিলোঁ
চেনেহীৰ মিঠাকৈ ওঁঠত হেʼ
জেতুকাবুলীয়া, তাই কুমলীয়া
পকা সুমথিৰা, গোন্ধায় বিৰাজৰা
চাকি খাম ভাতৰে লগত।
গাভৰু :-- আগলি বাঁহৰে লাহৰি গগনা
বাজিছিল দূৰণিৰ বনত, বোলোঁ বনত

দুয়ো :- দুয়োৰে মৰমত দুয়ো বান্ধ খালোঁ
যোৱাটো বছৰৰ চʼতত হেʼ ..
ডেকা :- বʼহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোন
আকৌ আহি পৰিল চʼত।

 ডেকা :- এতিয়া টকা নাই সিকা নাই
বিহুৱানৰ সূতা নাই
ধানো গʼল যোৱাটো বানত- বোলোঁ বানত
ময়ে চেনেহীয়ে মৰমত বাচিছোঁ
এনুৱা নিৰাশাৰ কালত হেʼ
দুখৰে ইলাই দুখৰ বিলাই
ফুলচতি লগাই লৈ বৰঘৰ সাজিলোঁ
খেৰ নাইকিয়া চালত।
গাভৰু :-- কুঁহিয়াৰ পেৰাদি আমাৰ যি পেৰিছে
চান কঢ়া ধনৰে বলত বোলোঁ বলত

ডেকা :- বিহুটো যাওক গৈ, সিহঁতক চাই লʼম
খাই লʼলোঁ আজিয়েই শপত হেʼ
হেৰি ডাঙৰীয়া, বতৰ ডাৱৰীয়া
টিনপাত টিঙিৰি, জুই পৰে উফৰি
কাইলৈ পৰিবা ফান্দত
বোলোঁ কাইলৈ পৰিবা ফান্দত।

No comments: