Friday, September 7, 2012

শৈশৱতে ধেমালিতে




শৈশৱতে ধেমালিতে
তোমাৰে ওমলা মনত আছে
ব’হাগ মাহৰ লুইতখনিত
দুয়ো সাঁতোৰা মনত আছে ।
যৌৱনতে দুয়োৰে দেহাৰ
লাজুকী পৰশ মনত আছে ।
মোৰ অবিহনে চিপজৰী ল’বা
বুলি কোৱা মোৰ মনত আছে ।
ব’হাগ মাহৰ লগতে এদিন
আহিল বৰদৈচিলা‍!
সেই ধুমুহাত কাৰোবাৰ স’তে
তুমি দেখো গুচি গ’লাঁ ।
মনৰ গৰাকী এৰি তুমি
ধনৰ গৰাকী বৰিলাঁ
ধন ধন বুলি ধনৰ প্রেমেৰে
স্বৰূপ প্রকাশ কৰিলাঁ !
বহুদিন গ’ল হঠাতে সিদিনা
তোমাক দেখা মনত আছে
আঁতৰৰ পৰা দেখিলোঁ
তোমাৰ স্বর্ণ গহনা জিলিকিছে ।
তোমাৰ অবিহনে চিপজৰী ল’ম
বুলি যদি তুমি ভাবিছাঁ
ভুল কৰিছা সোণজনী মোৰ
অলীক সপোন দেখিছাঁ ।
কথা : জীয়াই থাকিম--
গীত : জীয়াই থাকি এখন সমাজ
গঢ়িবৰ মোৰ মন আছে
অʼ জীয়াই থাকি এখন সমাজ
গঢ়িবৰ মোৰ পণ আছে
য’ত --সোণতকৈয়ো মানুহৰ দাম
অলপ হ’লেও বেছি আছে,
অলপ হ’লেও বেছি আছে।
অলপ হ’লেও বেছি আছে।
অলপ হ’লেও বেছি আছে ।